ইংৰাজী বুজি নাপাও বাবেই মালয়ালম ভাষাত জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থ পঢ়িছিলো! আঞ্চলিক ভাষাতেই শিক্ষাজীৱন, ইছৰো প্রধানৰ শিক্ষাগত যোগ্যতা কিমান?

ইংৰাজী বুজি নাপাও বাবেই মালয়ালম ভাষাত জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থ পঢ়িছিলো! আঞ্চলিক ভাষাতেই শিক্ষাজীৱন, ইছৰো প্রধানৰ শিক্ষাগত যোগ্যতা কিমান?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চন্দ্ৰযান-৩ ৰ সাফল্যৰ পাছতেই আলোচনাৰ কেন্দ্ৰবিন্দু ইছৰো প্ৰধান এছ সোমনাথ৷ কেনেকৈ এই সাফল্যৰ মুখ দেখিলে ভাৰতে? ইছৰো প্ৰধানৰ অৱদান কি কি? কথাই প্ৰতি সলসলীয়া ইংৰাজী ইছৰো প্ৰধান সোমনাথে ইংৰাজী মাধ্যমত পঢ়িছিল নেকি ইত্যাদি সমূহ তথ্য বিচাৰি বহুতেই গুগলত চাৰ্ছো কৰিছে৷

চন্দ্ৰযান-৩ ৰ সাফল্যৰ নেপথ্যত সোমনাথৰ অৱদান অনস্বীকাৰ্য৷ তেঁওৰ নিৰন্তৰ পৰিশ্ৰমেই চন্দ্ৰযান-৩য়ে ইতিহাস তৈয়াৰ কৰাৰ প্ৰধান চাবিকাঠি৷ কেইবাটাও অভিযানৰ নেতৃত্বত তেওঁ আছে৷ দীৰ্ঘ ৩৫ বছৰ ধৰি মহাকাশ গৱেষণাক লৈ কাম কৰি আছে এছ সোমনাথে৷ সাফল্যৰ উচ্চ শিখৰত অৱস্থান কৰা সোমনাথে কিন্তু ইংৰাজী মিডিয়ামত শিক্ষাগ্ৰহণ কৰা নাছিল৷ বহুতৰেই ধাৰণা যে বিজ্ঞানীসকলৰ শিক্ষাগ্ৰহণৰ মাধ্যম ইংৰাজীয়েই হ’ব লাগিব৷ কিন্তু এই ধাৰণা সম্পূৰ্ণ ভুল সেই কথা প্ৰমাণ কৰি দেখুওৱাইছে সোমনাথে৷ অভিভাৱকসকলক উদ্দেশ্যিও সোমনাথে কৈছে সফলতা লাভ কৰিবলৈ ইংৰাজীত শিক্ষাগ্ৰহণ কৰিব লাগিব বুলি কোনো কথা নাই৷ এই ধাৰণা বেছিভাগ অভিভাৱকেই লৈ থাকে৷ কষ্টেৰে হ’লেও সন্তানক ইংৰাজী মাধ্যমৰ স্কুলত ভৰ্তী কৰাবলৈ চেষ্টা কৰে৷ তথাকথিত ধাৰণা এয়াই যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াশুনা কৰিলেই সুযোগ বেছিকৈ লাভ কৰিব৷

আঞ্চলিক ভাষাত পঢ়াশুনা কৰিলে পেছাগত দিশত সফল হোৱা সম্ভৱ নে? এই বিতৰ্ক নতুন নহয়৷ দীৰ্ঘদিন ধৰি এই সংশয় অভিভাৱকৰ মাজতো আছে৷ যাৰবাবে দেশত ক্ৰমে কমিবলৈ ধৰিছে আঞ্চলিক ভাষাৰ বিদ্যালয়৷ আঞ্চলিক ভাষাৰ বিদ্যালয়সমূহ শিক্ষাৰ্থীৰ অভাৱতেই বন্ধ হ’বলৈ ধৰিছে৷ ইছৰো প্ৰধানে কিন্তু এই ধাৰণাক সলনি কৰিছে৷ সোমনাথৰ শিক্ষাজীৱন আৰম্ভ হৈছিল আঞ্চলিক ভাষাত৷ আৰুৰৰ ছেণ্ট অগাষ্টিনছ হাইস্কুলত পঢ়াশুনা আৰম্ভ কৰিছিল সোমনাথে৷ এৰ্নাকুলামৰ মহাৰজা কলেজত স্নাতক হয় সোমনাথ৷ স্নাতক হোৱাৰ পাছতেই কোল্লাম কেৰালা বিশ্ববিদ্যালয়ৰ অধীনত থকা থাঙ্গাল কুঞ্জু মুছালিয়াৰ কলেজৰ পৰা অফ ইঞ্জিনিয়াৰিঙত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লয়৷

এছ সোমনাথে স্নাতকোত্তৰ পাছ কৰে বাংগালুৰুৰ ইণ্ডিয়াৰ ইনষ্টিটিউট অৱ ছায়েন্সৰ পৰা৷ এৰোনটিকেল ইঞ্জিনিয়াৰিঙত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লয়৷ ১৯৮৫ চনত বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰত কাম কৰিবলৈ আৰম্ভ কৰে সোমনাথে৷ শশী থাৰুৰৰ সৈতে দিয়া এক সাক্ষাৎকাৰত ইছৰো প্ৰধানে এই সন্দৰ্ভত কয়, ‘বিজ্ঞানৰ প্ৰতি মোৰ দেউতাৰ বিশেষ আগ্ৰহ আছিল৷ মোৰ দেউতা যদিও হিন্দীৰ শিক্ষক আছি তথাপিও তেওঁৰ বিজ্ঞান বিষয়ত বিশেষ আগ্ৰহ আছিল৷ জ্যোতিৰ্বিজ্ঞান বিষয়ক বিভিন্ন কিতাপ আমাক পঢ়িবলৈ আনি দিছিল৷ এই গ্ৰন্থসমূহৰ বেছিভাগ গ্ৰন্থ ইংৰাজীতেই লিখা আছিল৷ মই ইংৰাজী মাধ্যমত পঢ়া নাছিলো৷ ইংৰাজী সেয়ে ভালকৈ বুজি পোৱাত অসুবিধাও হৈছিল৷ মোৰ শিক্ষাজীৱন মালয়ালম ভাষাতেই আছিল৷

ইংৰাজী ভাষা ভালকৈ বুজিয়ে নাপাও বাবে সেই গ্ৰন্থসমূহ পঢ়ি বিশেষ জ্ঞান আয়ত্ব কৰিব পৰা নাছিলো৷ দেউতাই সেই অসুবিধা বুজি পাইছিল৷ তাৰপিছতেই দেউতাই মালয়ালম ভাষাত লিখা বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থ মোৰ বাবে আনি দিয়ে৷ জ্যোতিৰ্বিজ্ঞান বিষয়ক মালয়ালমত লিখা কেইবাখনো গ্ৰন্থ দেউতাই আনি দিছিল৷ মই এজন মেকানিকেল ইঞ্জিনিয়াৰহে আছিলো৷ স্নাতক হোৱাৰ পাছত মই প্ৰপালছন বিষয়টোক জানিবলৈ আগ্ৰহী হৈ উঠো৷ মই স্নাতকোত্তৰ কৰি থকা সময়ত তাৰেই এগৰাকী প্ৰফেচাৰক সুধিছিলো প্ৰপালছল বিষয়ক কিবা কৰ্ছ আছে নেকি? মই পঢ়ি থকা কলেজখনত প্ৰপালছনক লৈ পঢ়াৰ সুযোগ নাছিল৷ সেই সময়ত তেওঁ মোক সহায় কৰিম বুলি কৈছিল৷ তেওঁ মোৰ অনুৰোধতেই প্ৰপালছন বিষয়টো পঢ়োৱাবলৈ আৰম্ভ কৰে৷ চূড়ান্ত বৰ্ষত আমাপ কলেজলৈ ইছৰোত চাকৰি দিয়াৰ বাবে বিশেষ অফাৰ আহে৷ মই এই চাকৰিৰ বাবে মনোনীত হওঁ৷’

সোমনাথে আঞ্চলিক ভাষাক লৈ কয়, ‘আঞ্চলিক ভাষা কেতিয়াও কোনো ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে৷ ইংৰাজী নাজানো বুলি হীনমন্যতাত ভূগাৰো কাৰণ নাই৷ আঞ্চলিক ভাষাত লেখাপঢ়া কৰি দক্ষতা অৰ্জন কৰিব পাৰি৷ অন্য ভাষাতকৈ নিজা ভাষাত পঢ়িলে কথাবোৰ ভালকৈ বুজি পোৱাত সহায়কো হয়৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *